ছূৰা 34 · জুজ 22
Saba · 34:39
قُلْ إِنَّ رَبِّي يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ لَهُ ۚ وَمَا أَنْفَقْتُمْ مِنْ شَيْءٍ فَهُوَ يُخْلِفُهُ ۖ وَهُوَ خَيْرُ الرَّازِقِينَ
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তেওঁ তাৰ বিনিময় প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।
তাফছীৰ
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰিবা, আল্লাহে তোমালোকক তাৰ বিনিময়ত পৃথিৱীতো প্ৰতিদান দিব আৰু আখিৰাততো উত্তম তথা পৰিপূৰ্ণ প্ৰতিদান দিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকাদাতা। এতেকে যাৰ জীৱিকাৰ প্ৰয়োজন, সি আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা উচিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক