ছূৰা 34 · জুজ 22
Saba · 34:37
وَمَا أَمْوَالُكُمْ وَلَا أَوْلَادُكُمْ بِالَّتِي تُقَرِّبُكُمْ عِنْدَنَا زُلْفَىٰ إِلَّا مَنْ آمَنَ وَعَمِلَ صَالِحًا فَأُولَٰئِكَ لَهُمْ جَزَاءُ الضِّعْفِ بِمَا عَمِلُوا وَهُمْ فِي الْغُرُفَاتِ آمِنُونَ
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বস্তু নহয় যিটো তোমালোকক মৰ্যাদাৰ দিশত আমাৰ ওচৰত নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে পাব বহুগুণ প্ৰতিদান; আৰু তেওঁলোক সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।
তাফছীৰ
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক