ছূৰা 34 · জুজ 22
Saba · 34:33
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
তাফছীৰ
অনুসাৰীসকলে সিহঁতৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্তই আমাক হিদায়তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কুফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টিৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁতে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কুফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁতক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময়ত প্ৰদান কৰা হ’ব। উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ কাৰণে আৰু পাপকৰ্মত লিপ্ত থকাৰ কাৰণে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক