ছূৰা 33 · জুজ 22
Al-Ahzab · 33:53
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَدْخُلُوا بُيُوتَ النَّبِيِّ إِلَّا أَنْ يُؤْذَنَ لَكُمْ إِلَىٰ طَعَامٍ غَيْرَ نَاظِرِينَ إِنَاهُ وَلَٰكِنْ إِذَا دُعِيتُمْ فَادْخُلُوا فَإِذَا طَعِمْتُمْ فَانْتَشِرُوا وَلَا مُسْتَأْنِسِينَ لِحَدِيثٍ ۚ إِنَّ ذَٰلِكُمْ كَانَ يُؤْذِي النَّبِيَّ فَيَسْتَحْيِي مِنْكُمْ ۖ وَاللَّهُ لَا يَسْتَحْيِي مِنَ الْحَقِّ ۚ وَإِذَا سَأَلْتُمُوهُنَّ مَتَاعًا فَاسْأَلُوهُنَّ مِنْ وَرَاءِ حِجَابٍ ۚ ذَٰلِكُمْ أَطْهَرُ لِقُلُوبِكُمْ وَقُلُوبِهِنَّ ۚ وَمَا كَانَ لَكُمْ أَنْ تُؤْذُوا رَسُولَ اللَّهِ وَلَا أَنْ تَنْكِحُوا أَزْوَاجَهُ مِنْ بَعْدِهِ أَبَدًا ۚ إِنَّ ذَٰلِكُمْ كَانَ عِنْدَ اللَّهِ عَظِيمًا
হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো মহা অপৰাধ।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে খোৱাৰ নিমন্ত্ৰণ নোপোৱাকৈ নবীৰ ঘৰত প্ৰৱেশ নকৰিবা। (আনহাতে যদি ভোজনৰ বাবে তোমালোকক নিমন্ত্ৰণ কৰা হয় তেন্তে) পানাহাৰ প্ৰস্তুত নোহোৱাৰ আগতে তাতগৈ বহি আলোচনাত লিপ্ত নহ’বা। বৰং যেতিয়া পানাহাৰ প্ৰস্তুত হ’ব আৰু তোমালোকক খোৱাৰ বাবে আহ্বান কৰা হ’ব তেতিয়া প্ৰৱেশ কৰিবা। আৰু খোৱা-বোৱা শেষ হোৱাৰ লগে লগে তোমালোকে তাৰ পৰা প্ৰস্থান কৰিবা। পানাহাৰ কৰাৰ পিছত পৰস্পৰে আলোচনাত লিপ্ত হৈ বহি নাথাকিবা। কাৰণ তোমালোকৰ এই আচৰণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পায়, কিন্তু তেওঁ তোমালোকক উঠি যোৱাৰ নিৰ্দেশ দিয়াত সংকোচবোধ কৰে। কিন্তু আল্লাহে সত্য কথা উপস্থাপন কৰাত কেতিয়াও সংকোচবোধ নকৰে। সেইকাৰণেই তেওঁ তোমালোকক প্ৰস্থান কৰাৰ আদেশ দিছে, যাতে তোমালোকৰ অৱস্থানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মনোকষ্ট নিদিয়ে। লগতে তোমালোকে যেতিয়া নবীৰ স্ত্ৰীসকলৰ পৰা প্ৰয়োজনীয় কোনো বস্তু যেনেঃ কাঁহী, বাটি আদি বিচৰা, তেতিয়া পৰ্দাৰ আঁৰৰ পৰা সেইবোৰ বিচাৰিবা। পৰ্দা নোহোৱাকৈ তেওঁলোকৰ সন্মুখতগৈ সেইবোৰ নিবিচাৰিবা, যাতে তোমালোকৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ খাতিৰত তথা তেওঁৰ স্ত্ৰীসকলৰ সুৰক্ষাৰ্থে এই আদেশ দিয়া হৈছে। আনহাতে পৰ্দাৰ আঁৰৰ পৰা বিচৰাটো তোমালোকৰ অন্তৰ আৰু তেওঁলোকৰ অন্তৰৰ বাবেও অধিক পৱিত্ৰতাৰ বিষয়। যাতে তোমালোকৰ আৰু তেওঁলোকৰ অন্তৰত চয়তানে কোনো কুমন্ত্ৰণা দিব নোৱাৰে, লগতে পাপকৰ্মক যাতে শোভনীয় কৰি উপস্থাপন কৰিব নোৱাৰে। হে মুমিনসকল! পানাহাৰ কৰাৰ পিছত বহি থাকি আলোচনাত লিপ্ত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয়। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিবাহ কৰাটোও তোমালোকৰ বাবে উচিত নহয়। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। গতিকে মাক বিবাহ কৰাটো কোনো ব্যক্তিৰ বাবেই বৈধ নহয়। সেয়ে এইধৰণৰ কষ্ট অৰ্থাৎ নবীৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক নিকাহ কৰাটো সম্পূৰ্ণৰূপে হাৰাম, তথা আল্লাহৰ দৃষ্টিত এইটো এটা মহাপাপ হিচাপে পৰিগণিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক