ছূৰা 33 · জুজ 21
Al-Ahzab · 33:5
ادْعُوهُمْ لِآبَائِهِمْ هُوَ أَقْسَطُ عِنْدَ اللَّهِ ۚ فَإِنْ لَمْ تَعْلَمُوا آبَاءَهُمْ فَإِخْوَانُكُمْ فِي الدِّينِ وَمَوَالِيكُمْ ۚ وَلَيْسَ عَلَيْكُمْ جُنَاحٌ فِيمَا أَخْطَأْتُمْ بِهِ وَلَٰكِنْ مَا تَعَمَّدَتْ قُلُوبُكُمْ ۚ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
তোমালোকে তোমালোকৰ তুলনীয়া পুত্ৰবোৰক সিহঁতৰ প্ৰকৃত পিতৃৰ সৈতে সংযোগ কৰি আহ্বান কৰা। কাৰণ সিহঁতক সিহঁতৰ প্ৰকৃত পিতাৰ পৰিচয় দিয়াটোৱে হৈছে আল্লাহৰ দৃষ্টিত ন্যায়সংগত। কিন্তু যদি তোমালোকে সিহঁতৰ প্ৰকৃত পিতাৰ বিষয়ে নাজানা তেন্তে জানি থোৱা যে, সিহঁত হৈছে তোমালোকৰ ধৰ্মীয় ভাই, তথা তোমালোকৰ দাসত্বৰ পৰা স্বাধীন হোৱা ব্যক্তি। গতিকে তোমালোকে সিহঁতক “হে মোৰ ভাই” অথবা “হে মোৰ ভতিজা” আদি বুলি মাতিবা। আনহাতে কোনোবাই যদি ভুলতে সিহঁতক লালন পালন কৰা ব্যক্তিৰ লগত সম্পৃক্ত কৰি মাতে তেন্তে কোনো গুনাহ নহ’ব। কিন্তু যদি কোনোবাই জানি বুজি এনেকৈ মাতে তেন্তে গুনাহগাৰ হ’ব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। লগতে তেওঁলোকৰ প্ৰতি দয়া কৰে, সেইকাৰণেই তেওঁলোকৰ অজানিতে হোৱা ভুল-ত্ৰুটিক এৰা-ধৰা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক