ছূৰা 33 · জুজ 22

Al-Ahzab · 33:49

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نَكَحْتُمُ الْمُؤْمِنَاتِ ثُمَّ طَلَّقْتُمُوهُنَّ مِنْ قَبْلِ أَنْ تَمَسُّوهُنَّ فَمَا لَكُمْ عَلَيْهِنَّ مِنْ عِدَّةٍ تَعْتَدُّونَهَا ۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحًا جَمِيلًا

হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিন নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিলে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা। এতেকে তোমালোকে সিহঁতক অলপ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কোনো মুমিনা নাৰীক বিবাহ কৰা আৰু তাইৰ সৈতে সহবাস কৰাৰ পূৰ্বেই যদি তাইক তালাক দিয়া তেন্তে তেনেক্ষেত্ৰত পালন কৰিবলগীয়া তাইৰ বাবে কোনো ইদ্দত নাই। কোনো ইদ্দতেই তাইৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, হায়েজ হওক অথবা মাহ। যিহেতু তাই সহবাস কৰা নাই, গতিকে তাইৰ গৰ্ভাশয় খালী থকাটোৱে স্বাভাৱিক। এতেকে তোমালোকে নিজৰ সামৰ্থ অনুযায়ী (তালাক দিয়াৰ সময়ত) তাইক কিছু ধন প্ৰদান কৰিবা। ইয়াৰ ফলত তালাকৰ দ্বাৰা হোৱা আন্তৰিক কষ্ট যাতে কিছু পৰিমাণ হ'লেও লাঘৱ হয়। লগতে তাইক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ সদাচৰণৰ সৈতে তাইৰ পথ এৰি দিয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক