ছূৰা 33 · জুজ 22
Al-Ahzab · 33:43
هُوَ الَّذِي يُصَلِّي عَلَيْكُمْ وَمَلَائِكَتُهُ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَكَانَ بِالْمُؤْمِنِينَ رَحِيمًا
তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।
তাফছীৰ
তেৱেঁই তোমালোকৰ প্ৰতি দয়া কৰে আৰু তোমালোকৰ প্ৰশংসা কৰে, আৰু ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে যাতে তোমালোকক কুফৰৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমানৰ পোহৰলৈ আনিব পাৰে। তেওঁ মুমিনসকলৰ প্ৰতি অতি দয়াৱান। তেওঁলোকে যদি তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে তেন্তে তেওঁ কেতিয়াও তেওঁলোকক শাস্তি নিবিহিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক