ছূৰা 33 · জুজ 22

Al-Ahzab · 33:33

وَقَرْنَ فِي بُيُوتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ الْجَاهِلِيَّةِ الْأُولَىٰ ۖ وَأَقِمْنَ الصَّلَاةَ وَآتِينَ الزَّكَاةَ وَأَطِعْنَ اللَّهَ وَرَسُولَهُ ۚ إِنَّمَا يُرِيدُ اللَّهُ لِيُذْهِبَ عَنْكُمُ الرِّجْسَ أَهْلَ الْبَيْتِ وَيُطَهِّرَكُمْ تَطْهِيرًا

আৰু তোমালোকে নিজ ঘৰত অৱস্থান কৰিবা। প্ৰাচীন জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত থাকা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।

তাফছীৰ

তোমালোকে ঘৰতেই অৱস্থান কৰা, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলাবা। লগতে ইছলামপূৰ্ব নাৰীসকলৰ দৰে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰিবা। কাৰণ সিহঁতে পুৰুষসকলক আকৰ্ষিত কৰিবলৈ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছিল। পৰিপূৰ্ণৰূপে চালাত আদায় কৰিবা, ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰিবা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিবা। হে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল আৰু তেওঁৰ পৰিয়ালবৰ্গ শুনা! আল্লাহে তোমালোকৰ দুখ-কষ্ট দূৰ কৰিব বিচাৰে। লগতে তোমালোকক উত্তম চৰিত্ৰৰ দ্বাৰা সুসজ্জিত কৰিব বিচাৰে আৰু সকলো প্ৰকাৰৰ বেয়া আচৰণৰ পৰা পৰিপূৰ্ণৰূপে পৰিশুদ্ধি কৰিব বিচাৰে। তোমালোকক এনেকৈ পৱিত্ৰ কৰিব বিচাৰে, যাৰ পিছত বেয়া বোলা একোৱেই নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক