ছূৰা 33 · জুজ 21
Al-Ahzab · 33:20
يَحْسَبُونَ الْأَحْزَابَ لَمْ يَذْهَبُوا ۖ وَإِنْ يَأْتِ الْأَحْزَابُ يَوَدُّوا لَوْ أَنَّهُمْ بَادُونَ فِي الْأَعْرَابِ يَسْأَلُونَ عَنْ أَنْبَائِكُمْ ۖ وَلَوْ كَانُوا فِيكُمْ مَا قَاتَلُوا إِلَّا قَلِيلًا
সিহঁতে ভাবে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লেহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আৰু যদি সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেহেঁতেন তেন্তে নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।
তাফছীৰ
এই কাপুৰুষসকলে ধাৰণা কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ বিৰুদ্ধে একত্ৰিত হোৱা এই সেনাবাহিনীয়ে তেওঁলোকক নিঃশেষ নকৰালৈকে উভতি নাযাব। এই সেনাবাহিনীয়ে যদি পুনৰ আক্ৰমণ কৰিবলৈ আহে তেন্তে এই মুনাফিকসকলে কামনা কৰিব যে, যদি সিহঁত মদীনাৰ পৰা ওলাই বেদুইনসকলৰ লগত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন যে, তোমালোকৰ শত্ৰুসকলে যুদ্ধত তোমালোকৰ কি অৱস্থা কৰিছে? হে মুমিনসকল! যদি সিহঁত তোমালোকৰ সৈতে থাকে, তথাপিও সিহঁতে তোমালোকৰ হৈ যুদ্ধ কৰাটো নাম মাত্ৰহে। গতিকে সিহঁতক গুৰুত্ব নিদিবা, তথা সিহঁতকলৈ পৰিতাপো নকৰিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক