ছূৰা 31 · জুজ 21
Luqman · 31:26
لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ إِنَّ اللَّهَ هُوَ الْغَنِيُّ الْحَمِيدُ
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।
তাফছীৰ
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক