ছূৰা 31 · জুজ 21
Luqman · 31:15
وَإِنْ جَاهَدَاكَ عَلَىٰ أَنْ تُشْرِكَ بِي مَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا ۖ وَصَاحِبْهُمَا فِي الدُّنْيَا مَعْرُوفًا ۖ وَاتَّبِعْ سَبِيلَ مَنْ أَنَابَ إِلَيَّ ۚ ثُمَّ إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
আৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।
তাফছীৰ
পিতৃ-মাতৃয়ে যদি তোমাক আল্লাহৰ সৈতে শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে এই ক্ষেত্ৰত তুমি তেওঁলোকৰ কথা নামানিবা। কাৰণ আল্লাহৰ অবাধ্যতা কৰি সৃষ্টিৰ আনুগত্য কৰাটো কেতিয়াও বৈধ নহয়। ইয়াৰ বাহিৰে, তেওঁলোকৰ সৈতে পৃথিৱীত সদ্ব্যৱহাৰ কৰিবা, সদাচৰণ কৰিবা আৰু আত্মীয়তাৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় কৰিবা। লগতে সেইসকল লোকৰ পথ অনুসৰণ কৰিবা, যিসকলে তাওহীদ আৰু আনুগত্যৰ জৰিয়তে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোক সকলোৱে মোৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া মই তোমালোকক জনাই দিম যে, তোমালোকে পৃথিৱীত কি কি কৰ্ম কৰিছিলা। আৰু তোমালোকক সেইবোৰৰ প্ৰতিদানো দান কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক