ছূৰা 30 · জুজ 21
Ar-Rum · 30:45
لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْ فَضْلِهِ ۚ إِنَّهُ لَا يُحِبُّ الْكَافِرِينَ
যাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰষ্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।
তাফছীৰ
যাতে আল্লাহে সেইসকল লোকক উত্তম প্ৰতিফল দিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ অনুগ্ৰহত তেওঁক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিছে। নিশ্চয় আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে তেওঁক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ভীষণ অসন্তুষ্ট হয়। অচিৰেই সিহঁতক কিয়ামতৰ দিনা শাস্তি বিহিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক