ছূৰা 30 · জুজ 21

Ar-Rum · 30:43

فَأَقِمْ وَجْهَكَ لِلدِّينِ الْقَيِّمِ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۖ يَوْمَئِذٍ يَصَّدَّعُونَ

এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।

তাফছীৰ

হে ৰাছুল! আপুনি কিয়ামত অহাৰ পূৰ্বেই পৰিপূৰ্ণৰূপে ইছলামৰ পিনে মনোনিৱেশ কৰক, কাৰণ কিয়ামতক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব। এইটোৱে হৈছে সঠিক ধৰ্ম, যি ধৰ্মত কোনো ধৰণৰ বক্ৰতা নাই। সেইদিনা মানুহবোৰ বিভিন্ন গোটত বিভক্ত থাকিব। এটা দল জান্নাতত প্ৰৱেশ কৰিব, যিসকলে নিয়ামতৰ মাজত অৱস্থান কৰিব। আৰু আনটো দল যাব জাহান্নামত, যিসকলে শাস্তিৰ মাজত অৱস্থান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক