ছূৰা 30 · জুজ 21
Ar-Rum · 30:25
وَمِنْ آيَاتِهِ أَنْ تَقُومَ السَّمَاءُ وَالْأَرْضُ بِأَمْرِهِ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِنَ الْأَرْضِ إِذَا أَنْتُمْ تَخْرُجُونَ
তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
তাফছীৰ
আল্লাহৰ ক্ষমতা আৰু তাওহীদৰ এটোও এটা ডাঙৰ প্ৰতীক যে, আকাশমণ্ডল প্ৰতিষ্ঠিত হৈ আছে, ভাঙি পৰা নাই। পৃথিৱী স্থিৰ হৈ আছে, বিদীৰ্ণ হোৱা নাই। এইবোৰ সকলো সেই পৱিত্ৰ আল্লাহৰ আদেশত হৈ আছে। অৱশেষত তেওঁ যেতিয়া ফিৰিস্তাৰ জৰিয়তে শিঙাত ফুঁ দিয়াব, তেতিয়া তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কবৰৰ পৰা ওলাই পৰিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক