ছূৰা 3 · জুজ 4
Ali 'Imran · 3:93
۞ كُلُّ الطَّعَامِ كَانَ حِلًّا لِبَنِي إِسْرَائِيلَ إِلَّا مَا حَرَّمَ إِسْرَائِيلُ عَلَىٰ نَفْسِهِ مِنْ قَبْلِ أَنْ تُنَزَّلَ التَّوْرَاةُ ۗ قُلْ فَأْتُوا بِالتَّوْرَاةِ فَاتْلُوهَا إِنْ كُنْتُمْ صَادِقِينَ
তাওৰাত অৱতীৰ্ণ হোৱাৰ আগত ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।
তাফছীৰ
সকলো ধৰণৰ পৱিত্ৰ খাদ্য বনী ইছৰাঈলৰ বাবে হালাল আছিল। ইয়াৰ মাজৰ একোৱে সিহঁতৰ বাবে হাৰাম নাছিল, কেৱল সেইটোৰ বাহিৰে যিটো ইয়াকূবে তাওৰাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিজেই নিজৰ ওপৰত হাৰাম কৰি লৈছিল। বিষয়টো তেনেকুৱা নহয় যিদৰে ইয়াহূদীসকলে ধাৰণা কৰে যে, এইবোৰ বস্তু তাওৰাতত হাৰাম কৰা হৈছিল। হে নবী! আপুনি কওঁক, তোমালোকে তাওৰাত আনা গৈ আৰু পাঠ কৰি শুনোৱা, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী। ফলত সিহঁত উত্তৰহীন হৈ পৰিল আৰু তাওৰাত নানিলে। এইটো এটা উদাহৰণ যিটোৱে প্ৰমাণ কৰে যে, ইয়াহুদীসকলে তাওৰাতত মিছা আৰোপ কৰিছিল লগতে ইয়াৰ বিষয় বস্তু বিকৃত কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক