ছূৰা 3 · জুজ 3
Ali 'Imran · 3:77
إِنَّ الَّذِينَ يَشْتَرُونَ بِعَهْدِ اللَّهِ وَأَيْمَانِهِمْ ثَمَنًا قَلِيلًا أُولَٰئِكَ لَا خَلَاقَ لَهُمْ فِي الْآخِرَةِ وَلَا يُكَلِّمُهُمُ اللَّهُ وَلَا يَنْظُرُ إِلَيْهِمْ يَوْمَ الْقِيَامَةِ وَلَا يُزَكِّيهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপত তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা পুথিৰ আদেশ-নিৰ্দেশ আৰু ৰাছুলৰ বাণীক বিকৃত কৰে আৰু আল্লাহৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ শপত ভঙ্গ কৰে আৰু ইয়াৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ সামান্য মূল্য গ্ৰহণ কৰে, আখিৰাতত সিহঁতে ছোৱাবৰ কোনো অংশ নাপাব। আল্লাহে সিহঁতৰ লগত সুখদায়ক কোনো কথাই নক'ব আৰু ক্বিয়ামতৰ দিনা সিহঁতলৈ আল্লাহে ৰহমতৰ দৃষ্টিৰেও নাচাব, সিহঁতক কুফৰ আৰু গুনাহৰ ময়লা-আৱৰ্জনাৰ পৰা পৱিত্ৰও নকৰিব, বৰং সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক