ছূৰা 3 · জুজ 3

Ali 'Imran · 3:72

وَقَالَتْ طَائِفَةٌ مِنْ أَهْلِ الْكِتَابِ آمِنُوا بِالَّذِي أُنْزِلَ عَلَى الَّذِينَ آمَنُوا وَجْهَ النَّهَارِ وَاكْفُرُوا آخِرَهُ لَعَلَّهُمْ يَرْجِعُونَ

আৰু কিতাবীসকলৰ এটা দলে ক’লে, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনা আৰু দিনৰ শেষ ভাগত কুফৰী কৰা; যাতে সিহঁতে উভতি আহে।

তাফছীৰ

ইয়াহূদী ধৰ্মগুৰুসকলৰ এটা দলে কয়ঃ মুছলিমসকলৰ ওপৰত যি কোৰআন অৱতীৰ্ণ হৈছে তাৰ প্ৰতি পূৱাই ঈমান পোষণ কৰা আৰু সন্ধীয়াপৰত অস্বীকাৰ কৰা। যাতে সিহঁতে তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত আকৌ কুফৰীলৈ উভতি অহাৰ কাৰণে নিজৰ ধৰ্মত সন্দেহ পোষণ কৰে। আৰু অৱশেষত এই কথা কৈ যাতে ইছলাম পৰিত্যাগ কৰে যে, সিহঁতে আমাতকৈ আল্লাহৰ পুথি সম্পৰ্কে অধিক জ্ঞানী তথাপিও সিহঁতে এই দ্বীন পৰিত্যাগ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক