ছূৰা 3 · জুজ 3
Ali 'Imran · 3:65
يَا أَهْلَ الْكِتَابِ لِمَ تُحَاجُّونَ فِي إِبْرَاهِيمَ وَمَا أُنْزِلَتِ التَّوْرَاةُ وَالْإِنْجِيلُ إِلَّا مِنْ بَعْدِهِ ۚ أَفَلَا تَعْقِلُونَ
হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি?
তাফছীৰ
হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীন সম্পৰ্কে বিবাদ কিয় কৰা? ইয়াহূদীসকলৰ দাবী যে, ইব্ৰাহীম ইয়াহূদী আছিল, আনহাতে খৃষ্টানসকলৰ দাবী যে, তেওঁ খৃষ্টান আছিল। অথচ তোমালোকে জানা যে, ইয়াহূদী আৰু খৃষ্টান ধৰ্ম তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পাইছে। তোমালোকে বুজি নোপোৱা নেকি যে, তোমালোকৰ কথাত কিমান সত্যতা আছে আৰু তোমালোকৰ ধাৰণা কিমান ত্ৰুটিপূৰ্ণ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক