ছূৰা 3 · জুজ 3

Ali 'Imran · 3:61

فَمَنْ حَاجَّكَ فِيهِ مِنْ بَعْدِ مَا جَاءَكَ مِنَ الْعِلْمِ فَقُلْ تَعَالَوْا نَدْعُ أَبْنَاءَنَا وَأَبْنَاءَكُمْ وَنِسَاءَنَا وَنِسَاءَكُمْ وَأَنْفُسَنَا وَأَنْفُسَكُمْ ثُمَّ نَبْتَهِلْ فَنَجْعَلْ لَعْنَتَ اللَّهِ عَلَى الْكَاذِبِينَ

এতেকে তোমাৰ ওচৰত জ্ঞান অহাৰ পিছত যিয়ে এই বিষয়ে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰো, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰো, আমিও আহো আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰো যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওঁক।

তাফছীৰ

হে ৰাছুল! আপোনাৰ ওচৰত ঈছা আলাইহিছ ছালামৰ বিষয়ে সঠিক জ্ঞান অহাৰ পিছতো যদি নাজৰানৰ খৃষ্টানসকলে আপোনাৰ লগত ঈছা আলাইহিছ ছালাম আল্লাহৰ বান্দা নহয় বুলি বাদানুবাদ কৰে, তেন্তে সিহঁতক কৈ দিয়কঃ আহা আমি উপস্থিত কৰো, আমি আমাৰ পুত্ৰসকলক আৰু তোমালোকে তোমালোকৰ পুত্ৰসকলক, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো লগতে আমিও থাকিম আৰু তোমালোকেও তাত থাকিবা। তাৰ পিছত আমি সকলোৱে কাকূতি-মিনতি কৰি আল্লাহৰ ওচৰত দুআ কৰিম যে, তেওঁ যেন আমাৰ মাজৰ মিছলীয়া পক্ষক অভিসম্পাত কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক