ছূৰা 3 · জুজ 3

Ali 'Imran · 3:39

فَنَادَتْهُ الْمَلَائِكَةُ وَهُوَ قَائِمٌ يُصَلِّي فِي الْمِحْرَابِ أَنَّ اللَّهَ يُبَشِّرُكَ بِيَحْيَىٰ مُصَدِّقًا بِكَلِمَةٍ مِنَ اللَّهِ وَسَيِّدًا وَحَصُورًا وَنَبِيًّا مِنَ الصَّالِحِينَ

তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত ছালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কালিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যবানসকলৰ অন্তৰ্ভূক্ত এজন নবী’।

তাফছীৰ

ফিৰিস্তাসকলে তেওঁক মাতি ক'লে যেতিয়া তেওঁ ইবাদতৰ ঠাইত ছালাত আদায় কৰি আছিলঃ আল্লাহে আপোনাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছে। যাৰ নাম হ'ব ইয়াহয়া। তেওঁৰ বিশেষত্ব হ'ব এইটো যে, তেওঁ আল্লাহৰ কলিমা অৰ্থাৎ মাৰইয়ামৰ পুত্ৰ ঈছাক সমৰ্থন কৰিব। ঈছাক আল্লাহৰ কলিমা এই বাবেই কোৱা হৈছে যে, তেওঁ আল্লাহৰ এটা বিশেষ শব্দৰ জৰিয়তে সৃষ্টি হৈছে। আৰু সেই সন্তানটো জ্ঞান তথা ইবাদতৰ ক্ষেত্ৰত নিজ সম্প্ৰদায়ৰ নেতৃত্ব দিব। নিজকে কুপ্ৰবৃত্তিৰ পৰা বিৰত ৰাখিব, ইয়াৰ মাজত নাৰীৰ নৈকট্যও অন্তৰ্ভুক্ত। তেওঁ নিজকে আল্লাহৰ ইবাদতৰ বাবে সমৰ্পিত কৰিব লগতে তেওঁ হ'ব এজন সত্যবাদী নবী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক