ছূৰা 3 · জুজ 3
Allahumma Malika al-Mulk · Ali 'Imran 3:26
قُلِ اللَّهُمَّ مَالِكَ الْمُلْكِ تُؤْتِي الْمُلْكَ مَنْ تَشَاءُ وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَاءُ وَتُعِزُّ مَنْ تَشَاءُ وَتُذِلُّ مَنْ تَشَاءُ ۖ بِيَدِكَ الْخَيْرُ ۖ إِنَّكَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু তেওঁৰ মহত্ব বৰ্ণনা কৰি কওকঃ হে আল্লাহ! তুমিয়েই পৃথিৱী আৰু আখিৰাতৰ গোটেই ৰাজত্বৰ অধিকাৰী। তোমাৰ সৃষ্টিৰ মাজৰ পৰা তুমি যাক ইচ্ছা কৰা ৰাজত্ব প্ৰদান কৰা আৰু তুমি যাৰ পৰা ইচ্ছা কৰা ৰাজত্ব কাঢ়ি লোৱা। তুমি যাক ইচ্ছা কৰা সন্মানিত কৰা আৰু যাক ইচ্ছা কৰা অপমানিত কৰা। এই সকলোবোৰ তোমাৰ হিকমত আৰু ন্যায়ৰ দ্বাৰাই হয়। সকলো ধৰণৰ কল্যাণ কেৱল তোমাৰেই হাতত, তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক