ছূৰা 3 · জুজ 3

Ali 'Imran · 3:24

ذَٰلِكَ بِأَنَّهُمْ قَالُوا لَنْ تَمَسَّنَا النَّارُ إِلَّا أَيَّامًا مَعْدُودَاتٍ ۖ وَغَرَّهُمْ فِي دِينِهِمْ مَا كَانُوا يَفْتَرُونَ

এইটো এই কাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়া স্পৰ্শ নকৰিব’; আৰু সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।

তাফছীৰ

সত্যৰ পৰা মুখ ঘূৰাই লোৱা আৰু পলায়ন কৰাৰ এই অৱস্থা সিহঁতৰ এই বাবে যে, সিহঁতৰ দাবী ক্বিয়ামতৰ দিনা জুয়ে সিহঁতক কেৱল কেইদিন মানহে স্পৰ্শ কৰিব। তাৰ পিছত সিহঁতে জান্নাতত প্ৰৱেশ কৰিব। সিহঁতৰ এই মিছা আৰু অসত্য ভ্ৰমে সিহঁতক প্ৰৱঞ্চনাত ৰাখিছে আৰু সিহঁতে আল্লাহ আৰু তেওঁৰ দ্বীনৰ ওপৰত সাহস দেখুৱাইছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক