ছূৰা 3 · জুজ 4

Ali 'Imran · 3:195

فَاسْتَجَابَ لَهُمْ رَبُّهُمْ أَنِّي لَا أُضِيعُ عَمَلَ عَامِلٍ مِنْكُمْ مِنْ ذَكَرٍ أَوْ أُنْثَىٰ ۖ بَعْضُكُمْ مِنْ بَعْضٍ ۖ فَالَّذِينَ هَاجَرُوا وَأُخْرِجُوا مِنْ دِيَارِهِمْ وَأُوذُوا فِي سَبِيلِي وَقَاتَلُوا وَقُتِلُوا لَأُكَفِّرَنَّ عَنْهُمْ سَيِّئَاتِهِمْ وَلَأُدْخِلَنَّهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ثَوَابًا مِنْ عِنْدِ اللَّهِ ۗ وَاللَّهُ عِنْدَهُ حُسْنُ الثَّوَابِ

তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰো তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে আৰু যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপ মোচন কৰিম আৰু অৱশ্যে সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা পুৰষ্কাৰ; আৰু উত্তম পুৰষ্কাৰ আল্লাহৰ ওচৰতেই আছে’।

তাফছীৰ

তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ প্ৰাৰ্থনা কবুল কৰিলে আৰু কলেঃ মই কৰ্মৰ প্ৰতিদান বিনষ্ট নকৰো, সেয়া কম হওঁক বা বেছি আৰু আমলকাৰী নাৰী হওঁক অথবা পুৰুষ। এই উম্মতত তোমালোক সকলোৰে বিধান একেই। পুৰুষকো ছোৱাব বৃদ্ধি কৰি দিয়া নহব আৰু নাৰীকো হ্ৰাস কৰি দিয়া নহব। এতেকে যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে আৰু কাফিৰসকলে যিসকলক নিজ ঘৰৰ পৰা উলিয়াই দিছে, তেওঁলোকক নিজ প্ৰতিপালকৰ আদেশ পালন কৰাৰ কাৰণে কষ্ট দিয়া হৈছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু আল্লাহৰ পতাকা উত্তোলন কৰাৰ নিমিত্তে শ্বহীদ হৈছে, আমি কিয়ামতৰ দিনা অৱশ্যে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিম। তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিম আৰু তেওঁলোকক অৱশ্যে এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা প্ৰতিদান। নিশ্চয় আল্লাহৰ ওচৰতেই উত্তম প্ৰতিদান, যাৰ কতো কোনো উদাহৰণ নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক