ছূৰা 3 · জুজ 4
Ali 'Imran · 3:188
لَا تَحْسَبَنَّ الَّذِينَ يَفْرَحُونَ بِمَا أَتَوْا وَيُحِبُّونَ أَنْ يُحْمَدُوا بِمَا لَمْ يَفْعَلُوا فَلَا تَحْسَبَنَّهُمْ بِمَفَازَةٍ مِنَ الْعَذَابِ ۖ وَلَهُمْ عَذَابٌ أَلِيمٌ
যিসকলে নিজ কৃতকৰ্মৰ প্ৰতি আনন্দ প্ৰকাশ কৰে আৰু নিজে যিটো কৰা নাই এনেকুৱা কামৰ বাবে প্ৰশংসিত হ’বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতৰ প্ৰশংসা কৰক সেই সত্কৰ্ম সম্পৰ্কে যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত আৰু দুৰৈত বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক