ছূৰা 3 · জুজ 3

Ali 'Imran · 3:16

الَّذِينَ يَقُولُونَ رَبَّنَا إِنَّنَا آمَنَّا فَاغْفِرْ لَنَا ذُنُوبَنَا وَقِنَا عَذَابَ النَّارِ

যিসকলে কয়, হে আমাৰ ৰব! নিশ্চয় আমি ঈমান আনিছো; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

তাফছীৰ

জান্নাতৰ এই অধিবাসীসকলেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান আনিছো আৰু সেইসমূহ পুথিৰ প্ৰতিও ঈমান আনিছো যিবোৰ তুমি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছা। লগতে আমি তোমাৰ চৰীয়ত পালন কৰিছো। তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক