ছূৰা 3 · জুজ 4
Ali 'Imran · 3:157
وَلَئِنْ قُتِلْتُمْ فِي سَبِيلِ اللَّهِ أَوْ مُتُّمْ لَمَغْفِرَةٌ مِنَ اللَّهِ وَرَحْمَةٌ خَيْرٌ مِمَّا يَجْمَعُونَ
তোমালোকে আল্লাহৰ পথত নিহত হ’লে অথবা তোমালোকৰ মৃত্যু হ’লে, আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈয়ো উত্তম।
তাফছীৰ
হে মুমিনসকল! তোমালোকে যদি আল্লাহৰ পথত মৃত্যুবৰণ কৰা অথবা নিহত হোৱা তেন্তে নিশ্চয় আল্লাহে তোমালোকক মহা ক্ষমা প্ৰদান কৰিব আৰু তেওঁৰ ফালৰ পৰা তোমালোকক এনেকুৱা দয়া কৰিব যিটো তোমালোকৰ বাবে এই পৃথিৱী তথা এই পৃথিৱীৰ সকলো ক্ষণস্থায়ী নিয়ামততকৈও উত্তম, যিবোৰ পৃথিৱীবাসীয়ে একত্ৰিত কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক