ছূৰা 3 · জুজ 4

Ali 'Imran · 3:155

إِنَّ الَّذِينَ تَوَلَّوْا مِنْكُمْ يَوْمَ الْتَقَى الْجَمْعَانِ إِنَّمَا اسْتَزَلَّهُمُ الشَّيْطَانُ بِبَعْضِ مَا كَسَبُوا ۖ وَلَقَدْ عَفَا اللَّهُ عَنْهُمْ ۗ إِنَّ اللَّهَ غَفُورٌ حَلِيمٌ

    যিদিনা দুই দলে পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলত চয়তানেই সিহঁতৰ পদস্খলন ঘটাইছিল। অৱশ্য আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।

তাফছীৰ

হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকল! উহূদৰ ময়দানত যিদিনা মুশ্বৰিকসকলৰ এটা দলৰ মুখামুখী যেতিয়া এটা মুছলিম দলৰ লগত হৈছিল। সেইদিনা যিসকলে পৰাজিত হৈছিল, তেওঁলোকক চয়তানে তেওঁলোকৰেই কিছুমান পাপ কৰ্মৰ কাৰণে ভুল কৰিবলৈ উত্সাহ দিছিল। আল্লাহে তেওঁৰ দয়া আৰু কৃপাত তেওঁলোকক ক্ষমা কৰি দিছে। নিশ্চয় আল্লাহ তাওবাকাৰী সকলৰ বাবে ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক