ছূৰা 3 · জুজ 4
Ali 'Imran · 3:151
سَنُلْقِي فِي قُلُوبِ الَّذِينَ كَفَرُوا الرُّعْبَ بِمَا أَشْرَكُوا بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا ۖ وَمَأْوَاهُمُ النَّارُ ۚ وَبِئْسَ مَثْوَى الظَّالِمِينَ
অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!
তাফছীৰ
আল্লাহক অস্বীকাৰকাৰী সকলৰ অন্তৰত আমি অতি শীঘ্ৰে ভয়-ভীতি প্ৰদান কৰিম। যাতে সিহঁতে যুদ্ধত তোমালোকৰ সন্মুখত টিকিব নোৱাৰে। কাৰণ সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছে যিবোৰৰ পূজা পাঠ সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ ফলত কৰে, আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। আখিৰাতত সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠাই হব জাহান্নাম। অত্যাচাৰীসকলৰ বাবে জাহান্নাম কিমান যে নিকৃষ্ট ঠাই!!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক