ছূৰা 3 · জুজ 4
Ali 'Imran · 3:149
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تُطِيعُوا الَّذِينَ كَفَرُوا يَرُدُّوكُمْ عَلَىٰ أَعْقَابِكُمْ فَتَنْقَلِبُوا خَاسِرِينَ
হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে উভতাই দিব ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে ইয়াহুদী খৃষ্টান আৰু মুশ্বৰিক আদি কাফিৰসকলৰ সেই সমূহ আদেশ মানি লোৱা যিবোৰৰ দ্বাৰা সিহঁতে তোমালোকক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব বিচাৰে, তেন্তে সিহঁতে তোমালোকক ঈমানৰ পিছত পুনৰ কাফিৰ অৱস্থালৈ আঁতৰাই নিব। এনে কৰিলে তোমালোক পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক