ছূৰা 3 · জুজ 4
Ali 'Imran · 3:129
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۚ يَغْفِرُ لِمَنْ يَشَاءُ وَيُعَذِّبُ مَنْ يَشَاءُ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
আকাশত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেৱেঁই সেই সকলোবোৰকে সৃষ্টি কৰিছে আৰু তেৱেঁই পৰিচালনা কৰে। তেওঁ নিজ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে, নিজৰ দয়াত ক্ষমা কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰে। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক