ছূৰা 3 · জুজ 4

Ali 'Imran · 3:112

ضُرِبَتْ عَلَيْهِمُ الذِّلَّةُ أَيْنَ مَا ثُقِفُوا إِلَّا بِحَبْلٍ مِنَ اللَّهِ وَحَبْلٍ مِنَ النَّاسِ وَبَاءُوا بِغَضَبٍ مِنَ اللَّهِ وَضُرِبَتْ عَلَيْهِمُ الْمَسْكَنَةُ ۚ ذَٰلِكَ بِأَنَّهُمْ كَانُوا يَكْفُرُونَ بِآيَاتِ اللَّهِ وَيَقْتُلُونَ الْأَنْبِيَاءَ بِغَيْرِ حَقٍّ ۚ ذَٰلِكَ بِمَا عَصَوْا وَكَانُوا يَعْتَدُونَ

আল্লাহৰ প্ৰতিশ্ৰুতি আৰু মানুহৰ প্ৰতিশ্ৰুতিৰ বাহিৰে সিহঁতক য’তেই পোৱা গৈছে ততেই সিহঁত লাঞ্ছিত হৈছে। আৰু সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দৰিদ্ৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইটো এই বাবে যে, সিহঁত আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; সেয়া এই বাবে যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।

তাফছীৰ

ইয়াহূদীসকল য’তেই নাথাকক কিয়, সিহঁতক চাৰিওফালৰ পৰা অপমান আৰু তিৰস্কাৰেৰে পৰিবেষ্টন কৰি ৰখা হৈছে। সিহঁত তেতিয়াই শান্তিত জীৱন নিৰ্বাহ কৰিব পাৰিব, যেতিয়া সিহঁতে অঙ্গীকাৰ পালন কৰিব অথবা আল্লাহৰ আশ্ৰয় পাব নাইবা মানুহৰ আশ্ৰয় পাব। সিহঁতে আল্লাহৰ প্ৰকোপত পৰিছে আৰু সিহঁতৰ ওপৰত আল্লাহে নিৰ্ধনতা আৰু দুৰ্ভিক্ষতা জাপি দিছে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছে লগতে এই কাৰণেও যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক