ছূৰা 3 · জুজ 4

Ali 'Imran · 3:110

كُنْتُمْ خَيْرَ أُمَّةٍ أُخْرِجَتْ لِلنَّاسِ تَأْمُرُونَ بِالْمَعْرُوفِ وَتَنْهَوْنَ عَنِ الْمُنْكَرِ وَتُؤْمِنُونَ بِاللَّهِ ۗ وَلَوْ آمَنَ أَهْلُ الْكِتَابِ لَكَانَ خَيْرًا لَهُمْ ۚ مِنْهُمُ الْمُؤْمِنُونَ وَأَكْثَرُهُمُ الْفَاسِقُونَ

তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব।

তাফছীৰ

হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতীসকল! তোমালোকে নিজৰ ঈমান আৰু কৰ্মৰ ফালৰ পৰা আটাইতকৈ শ্ৰেষ্ঠ উম্মত, যিসকলক মানৱ জাতিৰ বাবে সৃষ্টি কৰা হৈছে। তোমালোক মানৱ জাতিৰ বাবে শুভাকাংক্ষী। তোমালোকে সেই সত্কৰ্মৰ আদেশ দিয়া যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত তথা বিবেকেও তাক সঠিক বুলি ভাৱে। আৰু সেই অসত্কৰ্মৰ পৰা তোমালোকে নিষেধ কৰা যিটোৰ পৰা চৰীয়তে নিষেধ কৰিছে আৰু এনেকুৱা কৰ্মক বিবেকেও অসত্কৰ্ম বুলি ভাৱে। আৰু তোমালোকে আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰা যিটো তোমালোকৰ কৰ্মৰ দ্বাৰা প্ৰমাণিত। কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকলে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ হলেহেঁতেন। কিতাবধাৰীসকলৰ খুউব কম সংখ্যক লোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা পুথিৰ প্ৰতি ঈমান পোষণ কৰে। আনহাতে সিহঁতৰ অধিকাংশ লোকে আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়তৰ পৰা বহিষ্কৃত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক