ছূৰা 3 · জুজ 4
Ali 'Imran · 3:108
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۗ وَمَا اللَّهُ يُرِيدُ ظُلْمًا لِلْعَالَمِينَ
এইবোৰ আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱাত কৰিছো; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি যুলুম কৰিব নিবিচাৰে।
তাফছীৰ
হে নবী! আমি আপোনাক আল্লাহৰ প্ৰতিশ্ৰুতি তথা সতৰ্কবাণীৰে ভৰা সত্য আৰু ন্যায়ৰ ওপৰত আধাৰিত আয়াতসমূহ পাঠ কৰি শুনাও। আল্লাহে বিশ্বজগতৰ কাৰো প্ৰতি অন্যায় কৰিব নিবিচাৰে, বৰং যাক শাস্তি বিহা হয়, তাক তাৰ অসত্কৰ্মৰ অনুপাতেই শাস্তি প্ৰদান কৰা হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক