ছূৰা 29 · জুজ 21
Al-'Ankabut · 29:53
وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ ۚ وَلَوْلَا أَجَلٌ مُسَمًّى لَجَاءَهُمُ الْعَذَابُ وَلَيَأْتِيَنَّهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলেহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, অথচ সিহতে উপলব্ধিও কৰিব নোৱাৰিব।
তাফছীৰ
হে ৰাছুল! আপুনি মুশ্বৰিকসকলক যি শাস্তিৰ পৰা সতৰ্ক কৰিছে, সিহঁতে সেই শাস্তিক দ্ৰুত বিচাৰি আছে। আল্লাহে সিহঁতৰ শাস্তিৰ বাবে যদি সময় নিৰ্ধাৰণ কৰি নাৰাখিলেহেঁতেন –যিটো সময় আগুৱাইও আহিব নোৱাৰে আৰু পিছুৱাইও যাব নোৱাৰে- তেন্তে সিহঁতে বিচৰা শাস্তিটো নিশ্চয় আহি পৰিলহেঁতেন। নিশ্চয় সেই শাস্তি আকস্মিক আহি পৰিব, সেই শাস্তি অহাৰ সিহঁতে উমানো নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক