ছূৰা 29 · জুজ 21
Al-'Ankabut · 29:51
أَوَلَمْ يَكْفِهِمْ أَنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِي ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিটো সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
তাফছীৰ
হে ৰাছুল! এই প্ৰস্তাৱ দিয়া লোকসকলৰ বাবে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁতৰ সন্মুখত তিলাৱত কৰা হয়? নিশ্চয় আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰ বাবে আছে ৰহমত আৰু উপদেশ, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰ পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ স্বয়ং ইহঁতে আগবঢ়াইছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক