ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:4

أَمْ حَسِبَ الَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ أَنْ يَسْبِقُونَا ۚ سَاءَ مَا يَحْكُمُونَ

অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!

তাফছীৰ

যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মত লিপ্ত হৈ আছে সিহঁতে ভাৱিছে নেকি যে, সিহঁতে আমাক বিৱশ কৰিব পাৰিব? তথা আমাৰ শাস্তিৰ পৰা ৰেহাই পাব? কিমান নিকৃষ্ট ধাৰণা এইটো, যিটো সিহঁতে পোষণ কৰিছে। কাৰণ সিহঁতে কেতিয়াও আল্লাহক বিৱশ কৰিব নোৱাৰে। আনহাতে কুফৰী অৱস্থাত মৃত্যুবৰণ কৰিলে, তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱাও অসম্ভৱ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক