ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:36

وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا فَقَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ وَارْجُوا الْيَوْمَ الْآخِرَ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ

আৰু মাদিয়ানবাসীৰ ওচৰত প্ৰেৰণ কৰিছিলো সিহঁতৰ ভাতৃ ছুৱাইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

তাফছীৰ

মাদিয়ানলৈ আমি সিহঁতৰ বংশগত ভাই শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে এক আল্লাহৰ ইবাদত কৰাঁ। লগতে তেওঁৰ ইবাদত কৰি শেষ দিৱসৰ দিনা উত্তম প্ৰতিদান আশা পোষণ কৰাঁ। আৰু তোমালোকে গুনাহৰ কাম কৰি অথবা ইয়াক প্ৰচাৰ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক