ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:2
أَحَسِبَ النَّاسُ أَنْ يُتْرَكُوا أَنْ يَقُولُوا آمَنَّا وَهُمْ لَا يُفْتَنُونَ
মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছো’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?
তাফছীৰ
মানুহে ভাৱিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে, অৰ্থাৎ সিহঁতৰ এই স্বীকৃতিৰ বাস্তৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব? সিহঁত প্ৰকৃততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক