ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:16
وَإِبْرَاهِيمَ إِذْ قَالَ لِقَوْمِهِ اعْبُدُوا اللَّهَ وَاتَّقُوهُ ۖ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক