ছূৰা 28 · জুজ 20
Al-Qasas · 28:86
وَمَا كُنْتَ تَرْجُو أَنْ يُلْقَىٰ إِلَيْكَ الْكِتَابُ إِلَّا رَحْمَةً مِنْ رَبِّكَ ۖ فَلَا تَكُونَنَّ ظَهِيرًا لِلْكَافِرِينَ
আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ। সেয়ে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।
তাফছীৰ
হে ৰাছুল! আপুনি নবুওৱতৰ পূৰ্বে কেতিয়াও আশা কৰা নাছিল যে, আপোনাৰ প্ৰতি অহীৰ জৰিয়তে কোৰআন অৱতীৰ্ণ কৰা হ’ব। কিন্তু আল্লাহৰ অসীম কৃপাৰ ফলত আপুনি এই সৌভাগ্য লাভ কৰিছে। গতিকে কাফিৰসকল যি বিভ্ৰান্তিত লিপ্ত হৈ আছে, সেই ক্ষেত্ৰত সিহঁতক আপুনি সহায় নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক