ছূৰা 28 · জুজ 20
Al-Qasas · 28:79
فَخَرَجَ عَلَىٰ قَوْمِهِ فِي زِينَتِهِ ۖ قَالَ الَّذِينَ يُرِيدُونَ الْحَيَاةَ الدُّنْيَا يَا لَيْتَ لَنَا مِثْلَ مَا أُوتِيَ قَارُونُ إِنَّهُ لَذُو حَظٍّ عَظِيمٍ
এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখত জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ’লেহেঁতেন! নিশ্চয় সি মহা ভাগ্যবান’।
তাফছীৰ
এতেকে এদিনাখন কাৰূন সুসজ্জিত হৈ নিজৰ জাকজমকতা দেখুৱাবলৈ বাহিৰ হ’ল। এই দেখি কাৰূনৰ সঙ্গীসকলৰ মাজৰ যিসকলে পাৰ্থিৱ সম্পদৰ লোভী আছিল সিহঁতে ইচ্ছা প্ৰকাশ কৰি ক’লে যে, হায়! কাৰূনৰ দৰে আমাকো যদি পাৰ্থিৱ জীৱনৰ শোভনীয় বস্তুবোৰ প্ৰদান কৰা হ’লহেঁতেন। নিশ্চয় কাৰূন হৈছে এজন মহা ভাগ্যশালী তথা সৌভাগ্যৱান ব্যক্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক