ছূৰা 28 · জুজ 20

Al-Qasas · 28:75

وَنَزَعْنَا مِنْ كُلِّ أُمَّةٍ شَهِيدًا فَقُلْنَا هَاتُوا بُرْهَانَكُمْ فَعَلِمُوا أَنَّ الْحَقَّ لِلَّهِ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ

আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী ওলাই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই যাব।

তাফছীৰ

আমি প্ৰত্যেক উম্মতৰ নবীসকলক উপস্থিত কৰিম, তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু নবীসকলক অস্বীকাৰ কৰিছিল। আমি সেই উম্মতসমূহৰ অস্বীকাৰকাৰী লোকসকলক সুধিমঃ তোমালোকে যি কুফৰী আৰু অস্বীকাৰ কৰাৰ পথত অটল আছিলা, তাৰ সপক্ষে তোমালোকৰ দলিল-প্ৰমাণবোৰ উপস্থাপন কৰাচোন। তেতিয়া সিহঁতৰ ওচৰত উত্তৰ দিবলৈ একো নাথাকিব। তেতিয়া সিহঁতে পৰিপূৰ্ণৰূপে বিশ্বাস পোষণ কৰিব যে, সন্দেহৰ পৰা ঊৰ্দ্ধত থকা সত্য হৈছে কেৱল একমাত্ৰ আল্লাহৰ সত্য। সিহঁতে পৱিত্ৰ আল্লাহৰ সৈতে যিবোৰ উপাস্যক অংশী কৰি লৈছিল সেই সকলোবোৰ তেতিয়া ভিত্তিহীন প্ৰমাণিত হ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক