ছূৰা 28 · জুজ 20

Al-Qasas · 28:63

قَالَ الَّذِينَ حَقَّ عَلَيْهِمُ الْقَوْلُ رَبَّنَا هَٰؤُلَاءِ الَّذِينَ أَغْوَيْنَا أَغْوَيْنَاهُمْ كَمَا غَوَيْنَا ۖ تَبَرَّأْنَا إِلَيْكَ ۖ مَا كَانُوا إِيَّانَا يَعْبُدُونَ

যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলো; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলো যেনেকৈ আমি বিভ্ৰান্ত হৈছিলো। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছো। ইহঁত আমাৰ ইবাদত কৰা নাছিল’।

তাফছীৰ

কুফৰীৰ পিনে আহ্বানকাৰী যিসকল প্ৰচাৰকৰ ওপৰত আমাৰ শাস্তি অনিবাৰ্য হৈ পৰিছে সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! এই পথভ্ৰষ্ট লোকসকলক আমিয়েই পথভ্ৰষ্ট কৰিছিলোঁ, যিদৰে আমি নিজেই পথভ্ৰষ্ট হৈছিলোঁ, আৰু এতিয়া আমি তোমাৰ সন্মুখত সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিলোঁ। সিহঁতে আমাৰ ইবাদত কৰা নাছিল, বৰং প্ৰকৃততে সিহঁতে চয়তানৰ অনুসৰণ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক