ছূৰা 28 · জুজ 20

Al-Qasas · 28:60

وَمَا أُوتِيتُمْ مِنْ شَيْءٍ فَمَتَاعُ الْحَيَاةِ الدُّنْيَا وَزِينَتُهَا ۚ وَمَا عِنْدَ اللَّهِ خَيْرٌ وَأَبْقَىٰ ۚ أَفَلَا تَعْقِلُونَ

আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?

তাফছীৰ

আল্লাহে তোমালোকক যিবোৰ সা-সামগ্ৰী দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা তথা পাৰ্থিৱ জীৱনক সুসজ্জিত হিচাপে গঢ়ি তোলা, এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। পক্ষান্তৰে আখিৰাতত আল্লাহৰ ওচৰত যি মহান ছোৱাব আছে, সেয়া এই পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰীতকৈ তথা শোভা বৃদ্ধি কৰা বস্তুতকৈ অধিক উত্তম আৰু চিৰস্থায়ী। তোমালোকে এইবোৰ বুজি নোপোৱা নেকি? যাতে ধ্বংসশীল বস্তুৰ ওপৰত চিৰস্থায়ী বস্তুক প্ৰধান্য দিব পাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক