ছূৰা 28 · জুজ 20

Al-Qasas · 28:58

وَكَمْ أَهْلَكْنَا مِنْ قَرْيَةٍ بَطِرَتْ مَعِيشَتَهَا ۖ فَتِلْكَ مَسَاكِنُهُمْ لَمْ تُسْكَنْ مِنْ بَعْدِهِمْ إِلَّا قَلِيلًا ۖ وَكُنَّا نَحْنُ الْوَارِثِينَ

আৰু আমি বহু জনপদক ধ্বংস কৰিছো যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!

তাফছীৰ

বহুতো জনবসতি এনেকুৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁতৰ ওপৰত শাস্তি প্ৰেৰণ কৰি সিহঁতক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁতৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহ অহা যোৱা কৰে। তাত কিছুমান পৰ্যটকৰ বাহিৰে আন কোনেও অৱস্থান নকৰে। প্ৰকৃততে আমিয়েই ইয়াৰ উত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক