ছূৰা 28 · জুজ 20
Al-Qasas · 28:53
وَإِذَا يُتْلَىٰ عَلَيْهِمْ قَالُوا آمَنَّا بِهِ إِنَّهُ الْحَقُّ مِنْ رَبِّنَا إِنَّا كُنَّا مِنْ قَبْلِهِ مُسْلِمِينَ
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।’
তাফছীৰ
যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন সত্য, ইয়াত কোনো সন্দেহ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মুছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছুলসকলে যি লৈ আহিছিল, আমি সেইবোৰৰ প্ৰতিও ঈমান আনিছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক