ছূৰা 28 · জুজ 20

Al-Qasas · 28:48

فَلَمَّا جَاءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوا لَوْلَا أُوتِيَ مِثْلَ مَا أُوتِيَ مُوسَىٰ ۚ أَوَلَمْ يَكْفُرُوا بِمَا أُوتِيَ مُوسَىٰ مِنْ قَبْلُ ۖ قَالُوا سِحْرَانِ تَظَاهَرَا وَقَالُوا إِنَّا بِكُلٍّ كَافِرُونَ

এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰত সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। আৰু সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।

তাফছীৰ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা ৰিছালত লৈ যেতিয়া কুৰাইশ্বৰ ওচৰলৈ আগমন কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে ইয়াহুদীসকলক সুধিলে, আৰু ইয়াহুদীসকলে সিহঁতক বুজাই পৰাই দিলে, সেই শুনি সিহঁতে ক’লেঃ মুহাম্মদে নিজ প্ৰতিপালকৰ তৰফৰ পৰা মুছাৰ দৰে নিদৰ্শন লৈ কিয় নাহে? যেনেঃ শুভ্ৰোজ্জ্বল হাত, লাখুটি আদি। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, ইতিপূৰ্বে মুছাক যিবোৰ নিদৰ্শন দিয়া হৈছিল ইয়াহুদীসকলে সেইবোৰক নাকচ কৰা নাছিলনে? সিহঁতে দেখোন তাওৰাত আৰু কোৰআন উভয়ৰ বিষয়ে কয়ঃ এই দুয়োটা হৈছে যাদু, তথা এটাই আনটোক সমৰ্থন কৰে। সিহঁতে এই কথাও কয় যে, আমি কোৰআন আৰু তাওৰাত দুয়োটাকেই অস্বীকাৰ কৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক