ছূৰা 28 · জুজ 20
Al-Qasas · 28:46
وَمَا كُنْتَ بِجَانِبِ الطُّورِ إِذْ نَادَيْنَا وَلَٰكِنْ رَحْمَةً مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু মুছাক যেতিয়া আমি মাতিছিলো তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
তাফছীৰ
আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থিত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়েই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকুৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ককাৰী কোনো ৰাছুল আগমন কৰা নাছিল। যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথা আপুনি আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক