ছূৰা 28 · জুজ 20
Al-Qasas · 28:4
إِنَّ فِرْعَوْنَ عَلَا فِي الْأَرْضِ وَجَعَلَ أَهْلَهَا شِيَعًا يَسْتَضْعِفُ طَائِفَةً مِنْهُمْ يُذَبِّحُ أَبْنَاءَهُمْ وَيَسْتَحْيِي نِسَاءَهُمْ ۚ إِنَّهُ كَانَ مِنَ الْمُفْسِدِينَ
নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক সি হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
তাফছীৰ
নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক