ছূৰা 28 · জুজ 20

Al-Qasas · 28:39

وَاسْتَكْبَرَ هُوَ وَجُنُودُهُ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَظَنُّوا أَنَّهُمْ إِلَيْنَا لَا يُرْجَعُونَ

ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ উভতাই আনা নহ’ব।

তাফছীৰ

ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। ইপিনে সিহঁতে মিচৰৰ ভূমিত অন্যায়ভাৱে শাসন চলাইছিল। লগতে সিহঁতে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানকো অস্বীকাৰ কৰিছিল। লগতে সিহঁতে ধাৰণা পোষণ কৰিছিল যে, সিহঁতক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তথা শাস্তিৰ বাবে আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক